Himanta Biswa Sarma: উৎসৱৰ বতৰত মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ, গুৱাহাটীবাসীক দিলে পূজাৰ উপহাৰ

ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ’ল দেৱী দুৰ্গা। উৎসৱৰ আনন্দত মতলীয়া প্ৰতিগৰাকী লোক। উৎসৱৰ বতৰ গুৱাহাটীবাসীক বিশেষ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটী মহানগৰীৰ বাবে স্মাৰ্ট ষ্ট্ৰীট লাইটিং প্ৰণালীৰ প্ৰথম পৰ্যায় উৎসৰ্গা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। ৮৩.৯৬ কোটি ব্যয়েৰে স্থাপন কৰা ষ্ট্ৰীট লাইটসমূহ কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰা হ’ব তথা ই নাগৰিকৰ সুৰক্ষা আৰু দক্ষ শক্তি ব্যৱহাৰ নিশ্চিত কৰিব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *