আগৰতলাৰ উপকণ্ঠ অঞ্চলত ত্ৰিপুৰা আৰক্ষীয়ে ৪২ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে।

ত্ৰিপুৰা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিলে। এছডিপিঅ’ শংকৰ চন্দ্ৰ দাসে প্ৰদান কৰা এক গোপন সূত্ৰৰ ভিত্তিত মঙলবাৰে পুৱা প্ৰায় ৩ বজাত দ্বিতীয় বিষয়া মৃণাল পালকে ধৰি আমতালী আৰক্ষীৰ দলটোৱে পশ্চিম জিলাৰ ফুলতলী মাটিনগৰ নয়াপাৰা অঞ্চলৰ দেৱজিৎ ভৌমিকৰ ঘৰত অভিযান চলায়। এই অভিযানত জব্দ হয় ১৬ হাজাৰ ইয়াবা টেবলেট আৰু ৬ কেজি শুকান ভাং।

সময়তে ড্ৰাগছ ব্যৱসায়ীৰ সন্দেহযুক্ত দেৱজিৎ ভৌমিকক আটক কৰি আমতালি থানালৈ লৈ যোৱা হয়। পিছদিনা পশ্চিম জিলাৰ আৰক্ষী অধীক্ষক ডাঃ কিৰণ কুমাৰ কে আৰু এছ ডি পি অ’ শংকৰ চন্দ্ৰ দাসে ষ্টেচনত উপস্থিত হৈ বিষয়াসকলৰ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

প্ৰেছ ব্রিফিঙৰ সময়ত ড০ কিৰণ কুমাৰ কেয়ে সাংবাদিকক জনাইছে যে, “অভিযুক্ত দেৱজিৎ ভৌমিকক জেৰা কৰা হৈছে, আৰু তেওঁৰ বিৰুদ্ধে এনডিপিএছৰ গোচৰ ৰুজু কৰা হৈছে৷” তেওঁ লগতে কয় যে তেওঁলোকে তদন্ত অধিক কৰিবলৈ আৰক্ষীৰ ৰিমাণ্ড বিচাৰিব।

আৰক্ষীৰ হিচাপ অনুসৰি জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় ৪২ লাখ টকা। এই অভিযানে ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া আৰু জনসাধাৰণৰ সুৰক্ষা বৃদ্ধিৰ বাবে আমতালি আৰক্ষীৰ নিষ্ঠাক উজ্জ্বল কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *