নগাঁও, ১৪ অক্টোবৰঃ অহা ৮ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত ইউৰোপীয় চিৰিয়াখানা আৰু একুৰিয়াম সন্থাৰ সন্মিলনত অসমৰ এগৰাকী বিশিষ্ট বন্যপ্ৰাণী সংৰক্ষণবিদ ড০ পূৰ্ণিমা দেৱী বৰ্মনে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়ৰ সংস্কৃতিক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
ইউৰোপ আৰু ইয়াৰ বাহিৰৰ দেশৰ ১০০০ ৰো অধিক সংৰক্ষণবিদ, বিজ্ঞানী, চিৰিয়াখানা পৰিচালকৰ দৰ্শকৰ আগত ড০ বৰ্মনে অসমৰ বৈচিত্ৰময় জৈৱ বৈচিত্ৰ্যৰ সৈতে জটিলভাৱে জড়িত অসমৰ সাংস্কৃতিক পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁৰ উপস্থাপনসমূহ হাৰগিলা সংৰক্ষণ আৰ্হি, হাৰগিলা সেনাবাহিনীৰ জৰিয়তে সংৰক্ষণৰ ক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা, আৰু মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সুসম সহাৱস্থানৰ তাৎপৰ্যক কেন্দ্ৰ কৰি আছিল। ড° বৰ্মনে সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত সংৰক্ষণ, পৰিৱেশ শিক্ষা, আৰু আচৰণ পৰিৱৰ্তনৰ পোষকতা কৰিছিল।
লগতে “বিশ্ব হৰগিলা দিৱস” প্ৰতিষ্ঠা কৰাৰ পৰামৰ্শ আগবঢ়াই ২০৩৫ চনৰ ভিতৰত হৰগিলাৰ জনসংখ্যা ১০,০০০লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে।ইয়াৰ উপৰিও ড° বৰ্মনে হৰগিলা মূৰৰ পোছাক আৰু বিভিন্ন অসমীয়া সাংস্কৃতিক প্ৰতীক প্ৰদৰ্শন কৰি দৰ্শকক অনুপ্ৰাণিত কৰে।
