শনিবাৰে নিশা মুম্বাইৰ পূৱ বান্দ্ৰাত গুলীয়াই হত্যা কৰিলে NCPৰ অজিত পাৱাৰ গোটৰ নেতা তথা মৱাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক। নিচেই কাষৰ পৰা গুলীয়াই হত্যা কৰা হয় বাবা ছিদ্দিকীক। ‘Y’ কেটেগৰীৰৰ নিৰাপত্তা বেষ্টনীত থকাৰ পাছতো প্ৰাণৰক্ষা নহ’ল বাবা ছিদ্দিকীৰ।
মম নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত হৈ থকাৰ পাছতো হত্যাকাৰীয়ে নিৰ্বিঘ্নে গুলীয়াই থকাসৰকা কৰিলে বাবা ছিদ্দিকীক। মুম্বাইত এতিয়া আইন শৃংখলা বুলিবলৈ একোৱেই নাই। দিনৰ পোহৰতো মুম্বাইত মানুহ হত্যা কৰাটো এতিয়া সহজ হৈ পৰিছে। ইতিমধ্যে বাবা ছিদ্দিকীক হত্যা কৰা দুজনক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।উত্তৰ প্ৰদেশৰ ধৰমৰাজ কাশ্যপ আৰু হাৰিয়ানাৰ কৰ্ণাইল সিং নামৰ দুই চুপাৰি কিলাৰে হত্যা কৰিছিল বাবা ছিদ্দিকীক। বৃহৎ ধনৰ বিনিময়ত হত্যা কৰে তিনি যুৱকে। ইয়াৰে এজন এতিয়াও পলাতক হৈ আছে। ১০ঘণ্টাৰো অধিক সময় জেৰাৰ পাছত মুম্বাই ক্ৰাইম ব্ৰাঞ্চ নিশ্চিত হৈছে হত্যাকাণ্ডত লৰেঞ্চ বিষ্ণয়ৰ গেঙত জড়িত থকাটো। অৱশ্যে এতিয়ালৈকে লৰেঞ্চ বিষ্ণয় গেঙে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাই এই পৰ্যন্ত।
উল্লেখ্য যে এতিয়াও গুজৰাটৰ সবৰমতি কাৰাগাৰত বন্দী হৈ আছে গেংষ্টাৰ লৰেঞ্চ বিষ্ণয়। মহাৰাষ্ট্ৰৰ অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি দল জ্যেষ্ঠ নেতা আছিল বাবা ছিদ্দিকী। মুম্বাইৰ পশ্চিম বান্দ্ৰা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল বাবা ছিদ্দিকী। বিগত এমাহ ধৰি হত্যাকাৰীয়ে অঞ্চলটোত বাবা ছিদ্দিকীৰ গতি বিধি পৰ্যবেক্ষণ কৰি আছিল। তিনি হত্যাকাৰী এখন অটোৰিক্সাত উঠি আহিছিল। আৰু বহুসময় ধৰি বাবা ছিদ্দিকী অহালৈ অপেক্ষা কৰি আছিল।ইফালে স্থানীয় এজন লোকে বাবা ছিদ্দিকৰ সম্পৰ্কত তিনি হত্যাকাৰীক তথ্য দিয়াৰ সূত্ৰ লাভ কৰিছে আৰক্ষীয়ে। ১৫দিন পূৰ্বে বাবা ছিদ্দিকীক মৃত্যুৰ ভাবুকি দিছিল এটা অজ্ঞাত চক্ৰই আৰু তাৰপাছতে ৱাই কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিছিল বাবা ছিদ্দিকীক। উল্লেখ্য যে, অভিনেতা ছলমান খানক লৰেঞ্চ বিষ্ণয় গেঙে মৃত্যুৰ ভাবুকি দিয়াৰ সময়ত ছলমান খানৰ পক্ষত আছিল বাবা ছিদ্দিকী। যাৰ বাবে বাবা ছিদ্দিকীক হত্যাৰ আঁৰত লৰেঞ্চ বিষ্ণয় গেং থকাটো নিশ্চিত হৈছে মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চ। বাবা ছিদ্দিকীক হত্যাৰ বাবে আগতীয়াকৈ ধন দিছিল তিনি হত্যাকাৰীক। তিনিদিন পূৰ্বে বাবা ছিদ্দিকীক হত্যাৰ বাবে দিয়া হৈছিল মাৰণাস্ত্ৰ।
বিগত চাৰিটা দশক ধৰি কংগ্ৰেছৰ নেতা আছিল বাবা ছিদ্দিকী। কংগ্ৰেছৰ সৈতে থকা ৪৮ বছৰীয়া যাত্ৰাত তিনিবাৰৰ বিধায়ক আছিল বাবা ছিদ্দিকী। মুম্বাইৰ পশ্চিম বান্দ্ৰা বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক আছিল বাবা ছিদ্দিকী। ছাত্ৰ ৰাজনীতিৰ জৰিয়তে আৰম্ভ হৈছিল বাবা ছিদ্দিকীৰ ৰাজনৈতিক জীৱন। কংগ্ৰেছৰ ‘মুছলীম ফেচ’ হিচাপে পৰিচিত আছিল বাবা ছিদ্দিকী । ‘বান্দ্ৰা বয়’ নামেৰেও জনপ্ৰিয় আছিল বাবা ছিদ্দিকী। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল বাবা ছিদ্দিকী। ২০২৪ৰ ফেব্ৰুৱাৰীত NCP অজিত পাৱাৰ গোটত বাবা ছিদ্দিকীয়ে যোগদান কৰে।
আজিৰ পৰা ১৫দিন পূৰ্বে বাবা ছিদ্দিকীলৈ আহিছিল হত্যাৰ ভাবুকি। ভাবুকিৰ পাছতে বাবা ছিদ্দিকীক দিয়া হৈছিল ‘Y’ কেটেগৰী নিৰাপত্তা ব্যৱস্থা। ৰাজনীতিৰ সমান্তৰালকৈ বাবা ছিদ্দিকীৰ বলীউডৰে আছিল ঘনিষ্ঠ সম্পৰ্ক। বলীউডৰ চেলিব্ৰিটিৰ আতিথ্যৰে পাৰ্টী আয়োজন কৰিছিল বাবা ছিদ্দিকীয়ে।ছলমান-শ্বাহৰুখৰ শীতল যুদ্ধৰো অৱসান ঘটাইছিল বাবা ছিদ্দিকীয়ে। ২০১৩ চনত বাবা ছিদ্দিকীৰ ইফটাৰ পাৰ্টীত হাত মিলাইছিল ছলমান-শ্বাহৰুখে।
মুম্বাই পৌৰ নিগমৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আৰম্ভ কৰিছিল ৰাজনৈতিক জীৱন। পৰৱৰ্তী সময়ত ১৯৯৯, ২০০৪, আৰু ২০০৯ত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বাবা ছিদ্দিকী। তেওঁ মহাৰাষ্ট্ৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ, শ্ৰম আৰু খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগৰো মন্ত্ৰী আছিল।

